পৃষ্ঠা:কুলাচল বধ.djvu/১৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৩
কুলাচল-বধ

ধৰ্ম্মপক্ষিগণে বোলে শুনিয়ো জৈমিনি।
দানব ৰাজাৰ বাণী চাৰি বীৰে শুনি॥
অনন্তৰে ধনঞ্জয়ে দিলেক উত্তৰ।
শুন যোগভ্ৰষ্ট্ৰী কৰ্ণদত্তৰ কুমৰ॥
আপোনাৰ পাপত আপুনি হোৱে হত।
তয় নাশ ভৈলি যেন ঋষিৰ ক্ৰোধত॥
তিনিয়ো যুগৰ বৃদ্ধ হুয়া কিকৰিলি।
জ্ঞান শূন্য বুঢ়া যেন ডুবিয়া ৰহিলি॥
অজ্ঞান বালক আমি নুবুঝোহোঁ কায।
তয় জানি অসুৰ কৰিলি সামৰাজ॥
যিবুলিলি বালকৰ ক্ৰোধ বিপৰ্য্যয়
নিক্ৰোধী বাপেৰ তোৰ শিলা হুয়াচয়।
যিবুলিলি লুতীয়া বালকে বিষ খাই।
নিল্লু ভীয়ে ভুজ্ঞিয়া কুৰেশ আছ পাই॥
বপুসুতে বোলে শুনা জৈমিনি মহন্ত।
কৈলা কুন্তী সুতে তাৰ জাতকৰ্ম্ম যত॥
বাপেকৰো কহিলা আজন্ম কথা যত।
শুনি কুলাচল অতি ক্ৰোধিলে মনত॥