পৃষ্ঠা:কুলাচল বধ.djvu/১৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৩
কুলাচল-বধ।


গন্ধৰ্ব্ব বানৰ ছোট পায়া দৈত্য গণ।
ভীমক এড়িয়া সবে ভাগিল তেখন॥
কাটি মাৰি শৰপাট প্ৰচণ্ড বেগত।
পূনু আসি অৰ্জ্জুনৰ ৰহিলা টোনত॥
সহদেব নকুলেয়ো কৰে ঘোৰ ৰণ।
তিনি বীৰে মাৰিলেক বহু বীৰ গণ॥
দানবৰ অনেক তেলম্বে চাৰি জন॥
ৰথি বীৰথিৰ লাগিলেক ঘোৰ ৰণ।
যতেক কাটয় মানে ততেক বাঢ়য়।
দানব সকলে পাছ ভৰি নকৰয়॥
সিবেলাত ঘোৰ ৰণ ভৈলা অদভুত।
পাছে বীৰ গণে কোপ কৰিয়া মনত॥
অন্যায় সমৰে মাৰিবাক মন কৰি।
পাণ্ডৱক বেঢ়িলেক চৌভিতি আরবি॥
সিহনাদ কৰি বেগে বেঢ়িলেক যায়।
কতো দুৰে কুলাচল ৰাজা আছে চায়॥
হৰ হৰ কৰি ৰখ আগ বঢ়াইলেক।
দেব সবে হাহাকাৰ কৰয় এত্যেক॥
বোলে কিনো অকাৰ্য্য় মিলিল পাণ্ডবৰ
দানবে মাৰয় কৰি অন্য়ায় সমৰ॥