পৃষ্ঠা:কুলাচল বধ.djvu/১৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
কুলাচল-বধ।


অমৃতৰ পানে বাঢ়ি আছে মহাশয়।
তান কি মহত্ব জানো দানবে সহয়॥
দানবে সাগৰে তল নিবাক খুজিল।
কৃষ্ণৰ চৰণ নাৱে উদ্ধাৰ কৰিল॥
দেখা মুনিবৰ ভকতৰ শক্তি বল।
অভকত সকল যাৱয় মাৰ্গ তল॥
লৈয়োক প্ৰমাণ আরু পাণ্ডব সবত।
কোটি কোটি লোক চাৰি জনে কৈলা হত॥
যতেক মৰিল তাৰ লেখা জোখা নাই।
কতো বেলি চাৰি বীৰ ভৈল একে ঠাই॥
পক্ষীগণে বোলন্ত জৈমিনি মহাশয়।
চাৰি দণ্ড মানে মাত্ৰ ৰজনী আছয়॥
ঘোৰ নিশাকালে সিটো ৰণতে চলিল।
কুলাচল ৰাজাৰ আগত জান দিল॥
শুনিয়ো গোসাঞি কাৰ্য্য ভৈল বিসঙ্গতি
মানুষে মাৰিল তব যতেক পদাতি॥
তিনি গোটা মহাবীৰ ধনুৰ্দ্ধৰ সাৰ।
গদাধৰ ভাঙ্গৰ মনুষ্য গোট আৰ॥
কিবা যম বাসবয়ে আসিল দৰ্ব্বাৰ।
মহাদেব আইলা কিবা লোক মাৰিবাৰ॥