পৃষ্ঠা:কুলাচল বধ.djvu/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
কুলাচল-বধ।


বোলে বাপু মোৰ স্বস্থ ভৈল কলেবৰ।
গদা গোট কোন খানে গৈলেক হাতৰ॥
এহিবুলি দণ্ড দুই মানে বিশ্ৰামিলা।
শুনা মুনি সহদেবে যি কাৰ্য্য কৰিলা॥
বৰ বৰ দানবৰ বীৰগণ মানে।
সবাকো ঢালিলা বীৰে দারুণ সন্ধানে॥
ছোট পায়া দৈত্য সেনা মৰসাশ কৰি।
সহদেব বীৰক যে চৌপাশে আবৰি॥
যেহেন বাঘক বেঢ়ি হৰিণ ৰহিল।
ধৰ মাৰ কৰি সবে রুলি এক দিল॥
দানবৰ আৰাবে লঙ্ঘিল স্বৰ্গ কোল।
চাৰিয়ো ভিতিত উথলিল মহাৰোল॥
দেখি তিনি ভ্ৰাতৃৰ মিলিল মহা ভয়
হা বাপ সহদেব মৰণ মিলয়॥
শীঘ্ৰ বেগে চলিলেয়ো লাগ নপাৱয়।
ঐৰ পৰা তিনি প্ৰহৰৰ পথ হয়॥
এহি মতে তিনি বীৰে বিবাদে চলিলা।
শুনা মুনি সহদেবে যিমত কৰিলা॥
বোলে মোক দানবে মাৰিবে মন কৰি
বৰ বৰ বীৰ ধাৱে চৌপাশে আবৰি॥