পৃষ্ঠা:কুলাচল বধ.djvu/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
কুলাচল-বধ।


দেখি ধনঞ্জয় বীৰে পাছক চাহিলা।
দানবে হানয় শৰ বিনাশ মিলিলা॥
এহি বুলি ধনঞ্জয়ে ধনুক ধৰিলা।
তিনিটা নবাচ আনি গুণত জুড়িলা॥
দেখিয়া দানৱে শৰ হানিলেক ডাটি।
অৰ্জ্জুনৰ তিনি শৰ পেলাইলেক কাটি॥
শৰ ছন্ন হৈবাৰ দেখিয়া ধনঞ্জয়।
বোলে মোক ইটো জনে ঢালিবে খোজয়॥
এহি বুলি বাসবৰ শৰ পাট আনি।
গুণত জুড়িলা কুন্তীসুত মহামানী॥
দ্ৰুত কৰি তাক কাটিলেক একে শৰে।
দারুণ দানব মৰি গৈল যম ঘৰে॥
আৰু দুই শৰ হানি সাৰথি কাটিলা।
চাৰি শৰে চাৰি গোটা মহিষ মাৰিলা॥
মৰিল দানব চাৰি বীৰ ৰণজয়।
সিদ্ধ বিদ্যাধৰে বহু আনন্দ কৰয়॥
অনন্তৰে বৃকোদৰে চেতন লভিলা।
দুই ভাই তুলি ধৰি বচন বুলিলা॥
বোলে দদা শৰীৰৰ বেদনা গুছিল।
শৰ দূৰ ভৈল তজু রুধিৰ ৰহিল॥