পৃষ্ঠা:কুলাচল বধ.djvu/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
কুলাচল-বধ।


দুই পাট শৰ বীৰে ভীমক হানিলা
বৰ টানে ভীমৰ যে হিয়াত ভেদিল॥
হামুখুৰি খায়া বীৰ ভূমিত পড়িল।
উফৰিল গদা তান সন্নিতে নৰৈল॥
হেনমত তাহাক নকুলে দেখিলেক।
বোলে কুলাচল হেৰা ৰণে আসিলেক॥
ভালেতো ইহাৰ কথা গালবে কহিলা।
প্ৰথমে আসিয়া ভীম দদাক হানিলা॥
এহি বুলি লৱড়িয়া ধৰিলা ভীমক।
মহাবীৰ বৃকোদৰে দেখিলা যমক॥
সেহি বেলা সহদেৱে বোলে অৰ্জ্জুনক।
দেখা কুলাচল ৰাজা আসিলা ৰণক॥
মহিষৰ ৰণে ভীম দদাক খেদয়।
মহা ঘোৰ শৰ জালে তাহাঙ্ক ঢালয়॥
ইটো অল্প বীৰ মৰিবাৰ কথা থৈয়ো।
ঝন্ট কৰি আপুনে ভীমৰ লাগ লয়ো॥
অল্প বীৰ মই আৰু কৰোহো দোহাৰ।
তুমি চলিয়োক এহি সম্মত আমাৰ॥
ধনঞ্জয়ে বোলে বাপু তুমি একেস্বৰ।
জানোহো তোমাক ঢালে দানৱ বিস্তৰ॥