পৃষ্ঠা:কুলাচল বধ.djvu/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
কুলাচল-বধ।


কোবাইবে লাগিলা মহা গদা গোট তুলি।
কৈক যাইবি পাপীষ্ঠিয়া মাৰিবো সমুলি॥
যেহেন গুৱালে পাল মাজত পশিয়া।
কোবায়া নিৱয় ডাঙ্গ উপৰ তুলিয়া॥
গাৱৰ বেগত কতো উফৰি পড়য়।
ভীমক দেখিয়া কতো হোৱে মহাভয়॥
হেন নাহি বীৰ একো ভীমক যুৃঝয়।
তাহান কৰ্ম্মক দেখি সবাৰো বিস্ময়॥
আরু তিনি বীৰে মাৰে শৰ বহুতৰ।
মৰিয়া দানব বীৰ যাই যম ঘৰ॥
এহিমতে চাৰি বীৰ সংহৰিলা যত।
ভৰিলেক যমপুৰ সেনাৰ গিৰত॥
কুলাচল ৰাজা আছৈ কতো দূৰে চায়।
তাহাৰ সন্নিত সবে চাপিলেক যায়॥
বোলে কিনো অবধ্য মনুষ্য চাৰিজন।
সুৰাসুৰ লোকে আরু কোনে কৰে ৰণ॥
এহি বুলি যুঝিবাক কৰিলেক মন।
বজ্ৰকেতু নামে তাৰ মন্ত্ৰ্ৰী একজন॥
পৰম প্ৰচণ্ড তাৰো মহিষৰ ৰথ।
ধনুধৰি আগ বাঢ়ি নিবাৰিলা পথ॥