পৃষ্ঠা:কুলাচল বধ.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কুলাচল বধ৷

শুনা, ধৰ্ম্মৰাজ এক দিনাৰ কাহিনী।
যাৰ যিবা হৈবে তাক গুছাইলেক কোনি॥
ভদ্ৰশ্ৰবা নামে তাত আছে সৰোবৰ।
বহলে দীঘলে হোৱে তৃতীয় দিনৰ॥
ব্ৰহ্মায়ে নিৰ্ম্মিয়া আছে মহা যোগবলে।
পৰম পবিত্ৰ জল নিৰ্ম্মল কেৱলে॥
চাৰিয়ো পাৰত আছে চাৰি বিধ কাম।
শুনা নৃপবৰ সিসবৰ কহোঁ নাম॥
এক পাৰে ক্ষীৰবন পশুৰ নিলয়।
আরু পাৰে পুষ্পবন মনক মোহয়॥
আরু পাৰে অগস্তি প্ৰমুক্ষে ঋষি যত।
মহা যজ্ঞ কৰে সবে আনন্দ মনত॥
আন পাৰে আছে এক গিৰি মণিময়।
তিনিগোট শৃঙ্গ হিৰা মুকুতা আলয়॥
ফটিক ধবল সৰোবৰ জলচয়।
ভুঞ্জিল মাত্ৰকে ক্ষুধা তৃষ্ণা দূৰ হয়॥
বিধাতা স্ৰজিয়া আছে যত পশুচয়।
কেহোঁ জনে তাক মাৰিবক নপাৰয়॥
চমৰি হৰিণা মৃগ সুগৰি জহাৰ
কৃষ্ণসাৰ গণ্ড শহা বিশাল অপাৰ॥