পৃষ্ঠা:কুলাচল বধ.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
কুলাচল-বধ।

কাৰো কৌষ ভৰি ভাগে কাৰো যান মৰে।
মহাছোটে দুঃখ পায় বাগড়িয়া পড়ে॥
হানিবাক প্ৰতি কেহো নপাৰয় ঘৰ।
হানিবাক লাগি গৈয়া সবে বীৰ দানবৰ॥
কতোহো পলাৱে কতো ফুৰে বগুৱায়।
পলাই উটখৰ কতো বাহন পেলায়॥
আই বাপু বুলি কতো আটাশ পাৰয়।
আপোনাৰ সৈন্য কতো গছকি মাৰয়॥
দেবগণে বোলে কিনো বিষম সময়।
ভীমৰ সমান কেহো নাহি বীৰবৰ॥
অৰ্জ্জুন বন্ধন মুক্ত দানব গুছিল।
জয় ভীম বুলি সৰ্ব্বলোকে প্ৰশংসিল॥
হুসকি বহিল সবে দৈত্যে বাজু ধৰি।
নকুল সহদেব প্ৰহাৰিলা টান কৰি॥
ছেদি ভেদি নেই দানবৰ সেনাচয়।
মহা ভয়ে পাছ গুচি বিভঙ্গে চলয়॥
ধৰ্ম্মপক্ষিগণে বোলে শুনা মুনিবৰ।
হুসকি ৰহিলা সেনা তিনি প্ৰহৰৰ॥
পুৰ্ব্বে ঋষিবৰ চিদ্ৰ কৰিয়া আছয়।
পঞ্চম দিনৰ পথ যদি ৰাজ হয়॥