পৃষ্ঠা:কুলাচল বধ.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
কুলাচল-বধ।


ত্ৰিভুবন বিজয় সৈন্যৰ সীমা নাই।
একৈক বীৰত ইন্দ্ৰ হাৰিয়া পলাই॥
হেন বঘাসুৰৰ দারুণ বীৰ যত।
চাৰি গুটীমনুষ্যে কৰিলা সবে হত॥
যিটো বঘাসুৰ বীৰ ত্ৰিভুবনে সাৰ।
বাসবে হাৰিয়া যাত আছৈ বাৰম্বাৰ॥
যিটো বঘাসুৰে মহেশৰ বৰ দানে।
তৃণসম দেখে পথিবীৰ বীৰ মানে॥
হেন বঘাসুৰক কৰিলা চাৰখাৰ।
মহাবলন্ত ইটো পাণ্ডবকুমাৰ॥
ক্ষণিকতে আমরাৰ চড়াইবে পৰাণ।
ইবাৰ জীবাৰ আশা নেদেখেহো আন॥
ত্ৰহি মতে পাণ্ডবৰ মহা কীৰ্ত্তিচয়।
অন্যো অন্যে দানবৰ বীৰ বখানয়॥
পক্ষিগণ বদতি গুনিয়ো মুনিবৰ।
অতি অদভুত কথা পাণ্ডৱ সমৰ॥
অনন্তৰে পাছে দানবৰ বীৰগণ।
শৰ হানিবাক সবে কৰিলেক মন॥
প্ৰহাৰিলা শৰ সবে লেখা জোখা নাই।
চাৰিয়ো বীৰক যেন থৈলেক বাণ্টাই ॥