পৃষ্ঠা:কুলাচল বধ.djvu/১৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
কুলাচল বধ।

ভয়ঙ্কৰ গল তাতে হাৰ মণিচয়।
খচিত ৰতনে তাতে প্ৰকাশ কৰয়॥
কঙ্কণ কেয়ুৰ কৰে বলয়া যে তাৰ।
পৰ্ব্বত সমান দেহা দেখি চমৎকাৰ॥
দেবাঙ্গ বসনগণ ৰত্নে বিৰচিত।
কাল মেঘ খণ্ডে যেন আদিত্য উদিত॥
অৰ্দ্ধেক যোজনমানে ৰথে যুড়িচয়।
উৰ্দ্ধেও ততেক মানে চড়া অতিশয়॥
শ্বেতছত্ৰ খান তাৰ পৰম প্ৰখ্যাত।
মুকুতা মুৰাৰী সবে আৰিছে তাহাত॥
ধনুখান ধৰি আছৈ মহা ভয়ঙ্কৰ।
স্থানে স্থানে টোন বান থৈ আছৈ বিস্তৰ॥
গদা শূল মুষল পৰশু খড়্গচয়।
মুদ্গৰ শায়ক তোমৰ বজ্ৰময়॥
ভল্ল ভিণ্ডীপাল অসি চৰ্ম্ম চক্ৰ যত।
সবে আস্ত্ৰে শস্ত্ৰে সিটো পৰম পাৰ্গত॥
মহাবলবন্ত যাৰ নাহি সৰিবৰি।
কোনে তাক যুঝিবে পাৰয় সাশ কৰি॥
কিন্তু যদি পঞ্চ দিন বাটত হোৱয়।
তেবে তাৰ ৰাজ ভৈলে সংশয় আছয়॥