পৃষ্ঠা:কুলাচল বধ.djvu/১২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২১
কুলাচল বধ।


কৰ্ম্মবট নামে সেনাপতি এক,
 দারুণ অতি দুৰ্জ্জয়।
ধনুৰ্বাণ ধৰি,  মৃগৰ বাহনে,
 বচন হেন বোলয়॥
শুনৰে আচল, মানুষ্য চাৰিটা,
 কিসক হেন আচন্ত।
সেনাপতি সমে,  অসংখ্যাত সৈন্য,
 মাৰি কৈলি ৰণ্ড ভণ্ড॥
নাজানো তোহোৰ,  কত সাশ আছে,
 কোনোবা দেবে ৰাখয় ,
যদি দিগপাল, গণে ৰাখে আসি,
 মৰণ তবো মিলয়॥
তোৰা সবে জানো, কৰ্ণে নউ গুন,
 কুলাচল বীৰবৰ।
তাহাৰ নামত,  ডৰে সুৰ নৰ,
 নাহিকে তোমাৰ ডৰ॥
আজি চাৰি মৰি, যাইবি যম ঘৰ,
 মিলিল কাল তোহোৰ।
আছোক ৰাজাৰ, কথা আমি সবে
 কৰিবোহোঁ প্ৰতিকাৰ।

(১১)