পৃষ্ঠা:কুলাচল বধ.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
কুলাচল বধ।

দ্ৰৌপদী সহিতে ৰাজা আগ বঢ়াইলন্ত।
কেশৰী সমান চাৰিবীৰ চলিলন্ত॥
অনন্তৰে দেখে গৈয়া নদীৰ তীৰত।
অসংখ্যাত ৰহিছে দানব বীৰ যত॥
পক্ষী পড়িবাৰো সন্ধি নাহি কয় তয়।
চতুৰ্থ দিনৰ পথ জুড়িয়া আছয়॥
অৰ্জ্জুনে বোলন্ত দদা জপায়ো সমৰ।
দানৱ সেনাক আমি প্ৰহাৰোহো শৰ॥
সহদেবে বোলে ইটো কথা যোগ্যনয়।
অবোলনে কোন বীৰে সমৰ কৰয়॥
শাবধান হৈলে ৰণ কৰিবে উচিত।
ক্ষত্ৰিয় ধৰ্ম্ম ইটো নুহিকে বিহিত॥
এহি মতে কথা কহি চাৰিয়ো চলয়।
আচল মনুষ্য দেখি দানবে বোলয়॥
হেৰ দেখ বিচাৰ কৰিবে নলাগয়।
আপুনি মিলিছে মাত্ৰ মাৰিবে লাগয়॥
কতো গোটে বোলে ওবা চাহা কেন মত।
হেনমত দেখনাই মোৰ বয়সত॥
দেবকি অসুৰ মনুষ্যৰ মোৰ খান।
সবাকো দেখিছো যত দেব নৰমান॥