পৃষ্ঠা:কুলাচল বধ.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
কুলাচল বধ৷

খল খলী হাসি পাছে দানৱে বোলয়।
শুন মানুষৰ চৱা নমৰিবি তয়॥
হুৰ দেখ তোৰ হেৰ পৰে দুই জন।
তই দুই মৰ আবে কিসৰ কাৰণ॥
পালটিয়া চল তেবে আপোন দেশক।
বৰ দায়া লাগে দুই মনুষ্য বালক॥
সহদেবে বোলে অৰে ডরুৱা কিসক।
আমাৰ শৰত পৰি যাইবি যম লোক॥
হেন বাণী শুনি তাৰ ক্ৰোধ গুরুতৰ।
দুহাঙ্কো হানিল বেগে অসংখ্যাত শৰ॥
সনাইত ত্ৰিশূল যেন দেখি লাগৈ ডৰ৷
উপৰৰ পৰা বেগে হানে ঘোৰ শৰ॥
বপুসুত বদতি শুনিয়ে জয়মুনি।
নকুল সহদেব দুই তুলাত অগনি॥
দানৱৰ শৰ পায়া জ্বলিল অপাৰ।
ঘৃত দানে বহ্নি যেন জ্বলে চমৎকাৰ॥
কাটন ফুটন শৰ দারুণ বিশাল।
মহা বেগে দুয়ো বীৰে হানে পালে পাল॥
সিবেলা দুহানো ঘোৰ প্ৰভাৱ প্ৰচণ্ড।
দেব গণে বোলে দৈত্য হোৱে ৰণ্ডভণ্ড॥