পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/5

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

S. কীচক বন্ধ প্রথম অঙ্ক স্থদেষ্ণা ! –ইমান ডাঙৰ ৰাজ্যখনত এখন ভাল পাৰফিউমাৰী নাই ; ই নিশ্চয় বদনামৰ কথা। মহাৰাজৰ এইবোৰ কথালৈ কাণ-সাৰেই নাই। দ্রৌপদী। —অকল পাৰফিউমাৰী কিয়, মোৰ বোধেৰে ইয়াত ভাল জুৱেলাৰীও নাই। নহলে আপুনি এইবোৰ অলঙ্কাৰ পিন্ধে নে ! এইবোৰে জানে। ৰাণীক শুৱায় ! স্থদেষ্ণা। —তুমি মোক খুব ভাল চাই ডিজাইন কেইটমান দিবাচোন। মই আজি মহাৰাজক ভালকৈ কথা শুনাই দিম। মুঠেই ঘিউৱে মৌৱে খাব আৰু তাচ-পাশা খেলিব, আন খবৰ একোৱেই নাই । ককাইদেউ নোহোৱা হ’লে এইখন ৰাজ্যই নাথাকে। দ্ৰৌপদী। –এতিয়া সুবিধা পাইছে দেখি একোলৈকে কাণ-সাৰ নাই। নোপোৱা হ’লে, টানত পৰিলে আপুনি ৰাম বুলিলেহেতেন। নর্তকীৰ বেশেৰে উত্তৰাৰ প্রবেশ ( ) , সুদেষ্ণা। —কি ! তোৰ সঙ্গীত-শালালৈ যাবৰ হ’লেই নে ? উত্তৰ –হ’ল তে। কালি এটা নাচ শিকাইছিল, আজি পৰীক্ষা ল’ব। সুদেষ্ণা | –কি নাচ ? উত্তৰ –লতিকা নাচ ।