মূল মেনু খোলক

পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/25

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তাতো কিমানবাৰ যে হাত ধুব লাগে তাৰ লেখেই নাই। কাঁহী-বাটিও এবাৰ ধুলেই নহয় ; খাৰ ঘহি ধোওঁহে ধোওঁ, তথাপি তেওঁ তাত কিবা এটা খুঁত উলিয়াবই। ঠাইখনো এবাৰ পানীৰে মচি আকৌ গোবৰ-মাটিৰে মচিব লাগে। সেই দেখি তাত থাকিব নোৱাৰিলোঁ।
ভীম। — তাৰ পিচত ?
ভোটোক। — তাৰ পাচত আন এঘৰত সোমালোঁ। তাত ঠাকুৰ আছিল। সেই বুলি গিৰিহঁতনীয়ে ঠাকুৰকেই সকলো ভাৰ নিদিয়ে। ৰন্ধা-বঢ়া সকলে তেওঁৰ নিজৰ দিহা মতেহে হয়। তাত এক ৰকম ভালেই পাইছিলোঁ, মুঠেই এটা কথাত হে বেজাৰ লাগিল। তাত ঠাকুৰ চাকৰৰ নিমিত্তে বেলেগে ৰন্ধা হয়, ভাল বস্তু একোৱেই আমাৰ ভাগত নপৰে। ভাল ভাল বস্তু দেখি জিভাৰ পানী বৈ থাকে, কিন্তু পাতত তাৰ গোন্ধো নাপাওঁ। সেই দেখি তাৰ পৰা গুচি আহিলোঁ।
ভীম। — তাৰ পাচত ?
ভোটোক। — এইবাৰ যি ঘৰত সোমালোঁ তাতো এটা ঠাকুৰ আছিল। চাকৰ হ’লে চাৰি-পাঁচটামান। গিৰিহঁত কেতিয়াবাহে ঘৰলৈ আহে, আন ঠাইত তেওঁৰ কাৰবাৰ আছে। ঘৰত থাকে গিৰিহঁতনী