পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ৰামায়ণ।
৯৭

কৃপাময় প্ৰভু দোষ ক্ষমিয়ো সকল।
তৰল বানৰ আমি স্বভাবে চঞ্চল॥
লক্ষ্মণৰ বোলে দুখ পাইলো লাগেমানে।
তোমাৰ কোপক সহিবেক কাৰপ্ৰাণে॥
সাতো দ্বীপা পৃথিবী কটক অপাৰ।
তাহাঙ্ক জৰাইতে ভৈলা বিলম্ব আমাৰ॥
মাথা তুলি দেখিয়োক সৈন্য আসৈ চাপি।
সূৰ্য্য কিৰণকো ঢাকি গগণ বিয়াপি॥
সাগৰে নগৰে নদী গিৰি উপবনে।
কতো নীল পীত কতো শুকুলৰ বৰ্ণে॥
পিঙ্গল লোহিত বৰ্ণ দেখিয়া বিচিত্ৰ।
ৰঙ্গে ৰামে বোলন্ত সাৰ্থক মোৰ মিত্ৰ॥
শুনিয়ো সুগ্ৰীৱ মিত্ৰ মোক চিনায়োক।
কাৰ কিবা নাম আৰ কাৰ কত লোক॥
তাঙ্কাৰিল শুনিয়া সুগ্ৰীৱ বীৰ বৰ।
সৈন্য সমে আসা সবে ৰামৰ ওচৰ॥
শুনা কপি বীৰগণ উল্লসিয়া গৈল।
আপোনা সৈন্যসব সঙ্গে কৰি লৈলা॥
ৰামৰ পাশক আতি আড়ম্বৰে আসে।
যহেন ফৰিঙ্গা উৰে ঢাকিয়া আকাশে॥