এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
কিষ্কিন্ধা কাণ্ড
অধৰ্ম্মত তৎপৰ হয়ে নিতে নিতে।
অবশ্যকে নোৱাৰিবে ধন উপাৰ্জ্জিতে॥
ধৰ্ম্ম অৰ্থ কাম তাৰ একোৱে নিমিলে।
হেন নৃপতিক জানা অধৰ্ম্মেসে গিলে॥
সুগ্ৰীব আমাৰ জানা মিত্ৰ সেহি মত।
অবিচাৰে মিত্ৰৱতি কৰিলোঁ পূৰ্ব্বত॥
আতহন্তে সীতা পাইবো হেন আশ কৈলোঁ।
আছোক যে সীতা পাইবো মিত্ৰতো নৰৈলোঁ॥
আত আশা কৰি দুখ পাইবো অতিবেক।
শঠ মিত্ৰে কত ভাগ্য কাৰ্য্য সাধিবেক॥
কিন্তু তথাপিতো কৰি আছোঁ মিত্ৰৱতি।
শুনিও সুগ্ৰীৱ মিত্ৰ বচন সম্প্ৰতি॥
যি কিছু বুলিলো বাক্য হৃদয় খেদত।
ইসব আমাৰ দোষ নলৈবা মনত॥
যিমতে সীতাক পাওঁ তাক চিন্তিয়োক।
সীতাক পাইলেসে মোৰ গুছে দুখ শোক॥
ৰামৰ বচনে লাজ সুগ্ৰীৱে পাইলন্ত।
মাথা চপাৰায়া কতোক্ষণ আছিলন্ত॥
দীঘ যে নিশ্বাস তেজি প্ৰণামিল শিৰে।
কৰযোড়ে বচন বোলয় ধীৰে ধীৰে॥