পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
কিষ্কিন্ধ্যা কাণ্ড।

ভালুক বানৰ যত কটক বহুত।
সুগ্ৰীৱ ৰাজাত আসি জান দিলা দূত ॥
আদেশ গোসাই দেখা গগণ মণ্ডল।
হেৰা আসি ভৈলা প্ৰভু তযু সৈন্য বল॥
দূতৰ বচন শুনি কৰি সতকাৰ।
হৰিষে মাটীত ভৰি নপৰে ৰাজাৰ ॥
হাঙ্কাৰি আনিল যও আমাৰ সমাজ।
লক্ষ্মণে বোলন্ত সবে পূৰ্ণ ভৈলা কাজ ॥
হৰিষে লক্ষ্মণে সুগ্ৰীৱৰ ধৰিগলে।
ৰাজাৰ আদেশে চালিলন্ত চতুৰ্দ্দোলে।
আগত লক্ষ্মণ পাছে সুগগ্ৰীৱ লড়িলা ॥
ৰাম পাশে যান্তে শুভ মঙ্গলে লড়িলা।
দুহ হাঙ্কো ঢোলন্তে যাই ধৱল চামৰ।
শিৰে শ্বেত ছত্ৰ যেন জ্বলে শশোধৰ।
আগে পাছে অসংখ্যাত বানৰ ছলয়।
জয় জয় ৰাম চন্দ্ৰ বুলি জোকাৰয়।
কতোহো দূৰতে দুয়ো ভৈলা ভূমি পাৱ।
পাইলা কতোক্ষণে গৈয়া ৰাঘবৰ ঠাৱ।
লক্ষ্মণে সুগ্ৰীৱক কৰি কৃতাঞ্জলী।
ৰামৰ চৰণে দুইয়ো কৰিলা সেৱলি।