পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২ কিষ্কিন্ধ্যা কাণ্ড।

কৈৰা হনুমন্ত বুলি ৰাজাৰ আদেশ।
মাতিলন্ত জাম্বুবন্তে কৰি বিমৰিস॥
উদয় অষ্টাগিৰি যত মেৰু মন্দৰৰ।
সমস্তে আসোক যত ভালুক বানৰ।
সপ্তদ্বীপা বসুমতী সপত সাগৰ।
যত মানে চন্দ্ৰ সূৰ্য কিৰণ পশৰ।
আমাৰেসে অধিকাৰ সবে নিষ্ট জানি।
তিনি দিন ভিতৰত সৈন্য দিবা আনি॥
আপুনি জানাহা যেন নৃপতি প্ৰচণ্ড।
শীঘ্ৰ কৰি নাসিলে কৰিবো উগ্ৰ দণ্ড ॥
তাহাৰ আদেশ যেহি যেহি লোকে পালে।
দশদিন ভিতৰত আসিয়ো সকালে॥
আপুনি জানিয়া চিস্তিযোক হিত কাজ।
মিত্ৰৰ থানত যেন নপাওঁ মই লাজ।
সব দূত আগে আছে আদেশ পাইলেক।
তাকে লাগি পঠাইয়োক ওপৰ চলোক॥
ৰজাৰ আদেশ যেবে পাইল বায়ু সুত।
দেশ দেশে দূত পঠাই দিলন্ত বহুত।
ৰাজাৰ আদেশ যেবে হনুমন্তে পাইল।
সমস্ত দেশৰ যত বানৰ জৰাইল॥

এই পাঠৰ মুদ্ৰণ সংশোধনত ‘সপ্তকাণ্ড ৰামায়ণ’ বনলতা সংস্কৰণ (সম্পাদকৰ নাম নাই), জুলাই ২০১৭ গ্ৰন্থৰ সহায় লোৱা হৈছে।