পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ৰামায়ণ।
৮৯

শুনিয়ো লক্ষণ,   দশৰথ সুত
  ৰামৰ কনিষ্ঠ ভাই।
অসোধনে কেনে,   স্বামীক নিন্দাহা,
  আমাৰ কৰ্ম্মক পাই॥
আতিশয় তুমি,   কোপ নকৰিবা
  নকৰিবা অতি খেদ।
বিষ বৃক্ষ যদি,   আপুনি ৰোৱয়
  তাকো নকৰয় ছেদ॥
তোমাৰ ক্ৰোধে যে,   ইষো স্বামী মাৰে,
  তেবে কোন যশ পাইব।
বিড়ালীৰ যদি,  দোষক ধৰিয়া
  নিতে হাণ্ডি পেহ্লাইব॥
অনেক আমাৰ,   বচন আছই,
  চৰণে প্ৰভু তোমাৰ।
সুগ্ৰীৱ আমাৰ,   সক্ৰোধ নহন্ত
  সন্ত মহন্ত সাৰ॥
মুণিগণ মাজে,   যাহক লেখত
  খড়ি মাটি ধৰি আগে।
হেনয় স্বামীক,  নিন্দন্তে আসাহা,
  আমাৰ বৰ অভাগে॥