পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ।
৮৭

দাদাৰ আশয়,   শুনৰে বনৰা,
 চেতন লও মনত।
যিটো শৰ হানি,   বালীক মাৰিলোঁ,
 অদ্যাপি আছে টনত॥
দাদা বুলিলন্ত,   দুষ্ট বানৰাত
  মোহোৰ আদেশ কহ।
নতু শঙ্কোচয়,   প্ৰকটে আছয়,
  বালী মাৰিবাৰ গহ॥
সুগ্ৰীৱ আপুনি,  বন্ধু জন সমে,
  চলি যাহা বালী পথে।
তোৰ ধিতিঙ্গালী,   মোক নিবিকাবে,
  তাক দিবো ভাল মতে॥
এতিক্ষণে দাদা   তেতে আছন্তক,
 মই পুনু তানভৃত্য।
অন্তৰ মলিন   শৰীৰে তোহোৰ,
 কৰিবাহো চূৰ্ণাকৃত্য॥
বানৰ গোটৰ,   এতমান সাস,
 মাৰে পাঞ্জৰক খুলি।
লক্ষ্মণ বীৰৰ,   তেবেসে পলাইব,
 হৃদয়ৰ গুল গুলি॥