এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ৰামায়ণ।
৮৫
লক্ষ্মণ বীৰক, দেখিয়া সুগ্ৰীৱ,
ত্বৰিতে চালিলা গাৱ।
তাহাঙ্কে প্ৰণাম, কৰি তিনি জনে,
ভৈলা অবনত ভাৱ॥
ডাহিন পাঞ্জৰে, লোমা পটেশ্বৰী,
যেহেন ৰূপে পাৰ্ব্বতী।
বামত সুন্দৰী, তাৰা বহি আছে,
একো অঙ্গে নাহি ক্ষতি॥
লক্ষণ বীৰক, দেখি সেই ঠাই,
কৰিলেক হেট মুণ্ড।
ৰাহুক দেখিয়া যেহেন মলিন,
ভৈলা পূৰ্ণিমাৰ চান্দ॥
পাদ্য অঘ্য আচ, মনি দিলা ৰাজা;
আৰো মধুপৰ্ক দান।
সুবৰ্ণৰ খাট, মাথে দিলা নিয়া,
কৰি আতি বহু মান॥
ৰাম কনিষ্ঠ, লক্ষ্মণে বোলন্ত,
নুহি হেন ব্যবহাৰ।
দদা বুলিবাৰ, কাৰ্পন্য সাধিলে,
নলৈবোঁহো সতকাৰ॥