পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিষ্কিন্ধ্যা-কাণ্ড।

আগত অগণি জ্বালি বন্ধাহলন্ত মিত্ৰ।
সত্য কৰিলন্ত দুয়ো অনেক বিচিত্ৰ॥
অগণিক দুয়ো প্ৰদক্ষিণ কৰিলস্ত।
আউৰে আৰে চান্ত কৌতুকৰ নাহি অন্ত॥
চাহন্তে চাহন্তে চক্ষু নভাষয় আৰ।
মিত্ৰতা কৰন্তে দেখি আনন্দ অপাৰ॥
অনেক সুকৃতি কৰি বন্ধাইলন্ত মিত্ৰ।
সত্য কৰিলন্ত দুইয়ো অনেক বিচিত্ৰ॥
শুনি আছোঁ তোমাৰ যতেক উপক্ষিত।
হনুমন্তে সবে কথা কৰিলা বিদিত॥
ৰাজ্য এড়ি আসিলাহা আতি ঘোৰবনে।
তোমাৰ ভাৰ্য্যাক হৰি নিলেক ৰাৱণে॥
সত্য কৰি বুলিলোহু শুনিয়োক মিতা।
ত্ৰিভুবন বিচাৰিয়া আনি দিবো সীতা॥
পাতালক সেই যদি আনি দিবো বুলি।
সত্যে সত্যে ইন্দ্ৰক বুজিবো এক বেলি॥
ব্ৰহ্মা বিষ্ণু মহেশ ভুষিবোহু পূজি।
ত্ৰিভুবন ফুৰিয়া সীতাক দিবো খুজি॥
সাবধান হোৱা প্ৰভু কথা এক কহো।
কন্যা এক নেৰন্তে সবেই দেখিলোহো॥