টোকাৰি কেন্দুৰা বাজে, বিপঞ্চি দোতাৰ ৰুদ্ৰ,
বীণ বাঁশি দশৰি মহুৰি॥
জিঞ্জিৰি কাহালি শিঙা, ভেৰিঢাকে নিৰন্তৰে,,
স্বৰ্গ ভুবনকো গৈলা পূৰি॥
ধবল চামৰ কৰে, ধৰি দুই পাত্ৰে আতি
আগে পাছে থাকি গৈলা ঢুলি।
নিৰ্ম্মল চন্দ্ৰৰ সম, ধবল ছত্ৰেক আনি,
ধৰিলন্ত কৌতুহলে তুলি॥
পণ্ডিত ব্ৰাহ্মণগণ, বহ্ণিত আহুতি দিল,
কন্যাগণে কৰিলা মঙ্গল।
দ্বিজ গণে মন্ত্ৰ পঢ়ি, দুৰ্ব্বাক্ষত দিলা মাথে,
আৰ সাত সাগৰৰ জল॥
হনুমন্ত জাম্বুবন্ত, গবাক্ষ কেশৰী আৰো,
দধিমুখ নল নীল তাৰ।
যথা যোগ্য ধৰি আসি, নিৰন্তৰে পাত্ৰ গণে,
জয় জয় কৰয় জোকাৰ॥
সুবৰ্ণ মুকুতা ফলে, সিঞ্চিলন্ত কৌতু হলে,
কি কহিবো তাহাৰ মহিমা।
মনত হৰিষে তয, নাৰীগণ জোকাৰয়,
ধ্বনি সিটো গৈলা স্বৰ্গ সীমা।
এই পৃষ্ঠাৰ মুদ্ৰণ সংশোধনত মাধৱ কন্দলি আৰু শ্ৰীশ্ৰী শংকৰদেৱ-শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত সপ্তকাণ্ড ৰামায়ণ, বনলতা সংস্কৰণৰ পুনৰ মুদ্ৰণ, জুলাই, ২০১৭ গ্ৰন্থৰ সহায় লোৱা হৈছে।