পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
কিষ্কিন্ধ্যা কাণ্ড

ছবি।

অন্তেষ পুৰৰ হন্তে,  মহন্ত সুগ্ৰীৱ বীৰে,
 ৰত্ন মণ্ডপক চলি গৈল।
মন্ত্ৰী পাত্ৰ গণে মিলি,   সেৱলি কৰিয়া পাছে,
 বাৰে বাৰে প্ৰশংসিবে লৈলা
সুবৰ্ণ ৰজত ৰত্নে,   শৰীৰক মণ্ডিলন্ত,
  অলঙ্কাৰে দেখি হেম ময়।
হৰষিত বদনৰ,   কান্তি চয় প্ৰকাশয়,
  যেন দেখি সূৰ্যৰ উদয় ॥
হনুমন্ত আদি ক'ৰ,   মুখ্য মুখ্য বীৰগণ
  ৰামৰ আজ্ঞাক শিৰ লৈলা।
ভাল ভাল দুত গণ,   দেশে দেশে পঠাই দিয,
  সম্ভাৰে মিলাইয়া সব ৰৈলা ॥
গঙ্গাদেবী আদি কৰি,   যত যত তীৰ্থ আছে,
  আৰো সাত সাগৰৰ জল।
সুবৰ্ণৰ অষ্ট ঘট,   অগৰু সুগন্ধি জলে,
  ভৰি আম ডাল দিলা ফল ॥