পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১
অসমীয়া ৰামায়ণ।

লক্ষ্মীৰ ভবন যেন জগতেতে সাৰ।
সুগ্ৰীৱ বোলন্ত বিধি প্ৰসন্ন আমাৰ॥
ওযাৰি ভিতৰে পঞ্চ ৰত্নৰ ভাণ্ডাৰ।
শুভাশুভ যে জয ভৈ গৈল জোকাৰ॥
দণ্ড ছত্ৰ পতাকা বিচিত্ৰ নৃত্য গীত।
সুগন্ধ শীতল বাৱে আমোদিত চিত॥
নানাবিধ চিত্ৰ থান আতি বিতোপন।
দেখ সুগ্ৰীৱৰ উল্লসিয়া গৈলামন
পদুলি পদুলি সবে পুটিলা তোৰণ।
সুবৰ্ণৰ দীপ ঘট সুগন্ধি চন্দন॥
দুৰ্ব্বাক্ষত দিলা পঞ্চৰত্ন নিৰন্তৰে।
পশিলন্ত সুগ্ৰীৱে শ্ৰামন্ত বাস ঘৰে॥
শুনা ৰামাযণ পদ যত সভাসদ।
অনন্তে মঙ্গল মিলে গুছয় আপদ॥
যাৰ যেন বঞ্চিত মনৰ পুৰেকাম
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

—o—