পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কিষ্কিন্ধ্যা কাণ্ড।

আনো বৰ বৰ বীৰ পৰ্ব্বত আকাৰ।
হাতে কান্ধে বহিলন্ত মৃতকৰ ভাৰ॥
কাদন্তে কান্ধত লৈয়া বৈলা চতুৰ্দ্দোলে।
বালীক পুৰিলা নিযা গিৰিনদী কুলে॥
দন্ত কাষ্ঠ কাক বলি আৰস্নান বলি।
অঙ্গদে পিতৃৰ দিলা পিণ্ড জলাঞ্জলী॥
নিজ গুৰু ব্ৰাহ্মণে দিলন্ত চাহি পাঢ।
অঙ্গদে কৰিলা কাৰ্য্য় বিধিৰতে চাহি॥
নানাবিধ দান কৰিলন্ত বৃষোৎসৰ্গ।
হনুমন্ত সুগ্ৰীৱ সমস্ত জাতি বৰ্গ॥
দানে মানে সবে জ্ঞাতি সবতুষ্ট ভৈল।
পুষ্প ৰথে ছড়ি বালী স্বৰ্গে চলি গৈল॥
সমস্ত বানৰ বলে কাৰ্য্যক সঙ্কলি।
ৰামৰ চৰণে আসি কৰিলা সেৱল॥
হনুমন্তে ৰামক কৰিলা বহুস্তুতি।
তোমাৰ প্ৰসাদে ভৈলা বালীৰ মুকুতি॥
আষাৰেক বোলো বুলিবাক লাগে ডৰ।
ভৰি চাৰি পাঞ্চ যাৰা কিষ্কিন্ধ্যা নগৰ॥
ৰাজ্যক লাগিয়া যায়ো সুগ্ৰীৱৰ মিত্ৰ।
তুমি পৰশিলে হৱে থানৰ পবিত্ৰ॥