পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৭
অসমীয়া ৰামায়ণ।

ৰাজাৰ কুমাৰ কান্দে ধৰণীত লুটি।
হা! বাপ বোলন্ত পৰাণ যাই ফুটি॥
দীঘল গহন পথে চলিলা আপোনে।
তযু পুত্ৰ ভাৰ্য্যা আবে পালিবেকে কোনে॥
ৰাঘবে বোলন্ত আবে শান্ত কৰা চিত্ত।
বিস্তৰ ক্ৰন্দনে নুহি মৃতকৰ হিত॥
ঝান্টে চীতা সাজিয়োক বহল বিস্তৰ।
তাতে তুলি বালীক কৰিও সংস্কাৰ॥
ৰামৰ বচন যেবে ভৈলা অবসান।
পাছে বীৰ লক্ষ্মণে দিলন্ত সমিধান।
শাক এড়ি সুগ্ৰীৱ প্ৰেতৰ কাৰ্য্য চাহা॥
পটেশ্বৰী দেবী তুমি কিষ্কিন্ধ্যাক যাহা।
চতুদ্দোল যানত বালীক নিয়া তোলা।
গাৰনদী সমীপত শীঘ্ৰে নিয়া পেলা।
অঙ্গদ কুমাৰ দিয়া পিণ্ড জলাঞ্জলী।
হনুমন্ত মুখে সব কাৰ্য্যক আকলি।
শিৰোগত ধৰিলন্ত লক্ষ্মণৰ বোল।
তোতক্ষণে তাৰা অনাইলন্ত চতুৰ্দ্দোল।
অঙ্গদে সুগ্ৰীবে দোলা তুলিয়া ধাৰলা
খূৰাতে ভাতিজা গিৰি নদীকুলে নিলা।