এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কিষ্কিন্ধ্য়া কাণ্ড।
নীলে দেখিলন্ত বালীৰাইৰ নিৰ্জ্জান।
আজুড়িয়া কাঢ়িলন্ত বাঘবৰ বাণ॥
ৰুধিবে পূৰিত গাৱ নাহিকয় শান্তি।
বিজুলি ছটক যেন দেখি তাৰ কান্তি॥
স্বামীক ঘেৰিয়া কান্দে পটেশ্বৰী লোকে।
সুগ্ৰীবে কান্দন্ত আতি জেষ্ঠ ভা ৰ শোক॥
ৰামচন্দ্ৰ লক্ষ্মণ কান্দন্ত হনুমন্ত।
সৈন্যে সমে চাৰিপাত্ৰ আৰু জাম্বুবন্ত॥
তাৰা বোলে স্বামী তুমি গৈলা পৰলোক।
যমৰ পূৰত প্ৰভূ সুমৰিবা মোক॥
যাৰ মুঠি প্ৰহাৰে মেদিনী মেলে চিৰ।
হেনস্বামী ধৰনীত তেজিলা শৰীৰ॥
হা। স্বামী তুমি কেনে কাৰ্য্য়ক সাধিলা।
সুগ্ৰীৱক ডাকি ভ্ৰাতৃ বধ সম্বৰিলা॥
ধৰ্ম্মপথ এড়ি পাপ কৰিলা সকল।
অবিলম্বে পাইলা সেই অধৰ্ম্মৰ ফল॥
অঙ্গদে কান্দন্ত আতি বিয়াকুল চিত।
হৃদয়ত মুঠিহানি পৰিলা ভূমিত॥
হা! বাপ মোক কি কৰিলা নিমাষিতি।
মহাশান্তি মাৱ মোৰ ভৈলা অনাথিতি॥