পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
অসমীয়া ৰামায়ণ

তোমাৰ বৰত মোৰ ভৈলা সদগতি।
অঙ্গদক অনুশৌচ কৰোহু সম্প্ৰতি॥
নিতে নিতে পুত্ৰ মোৰ কোল ক্ৰীড়ে।
ৰামৰ শৰত পৰি পুত্ৰ শোকে পীড়ে॥
অচিৰতে শোক মোৰ মিলিল বিশাল।
কাহাত শৰণে পুতাই বঞ্চিবেক কাল॥
হা অঙ্গদাই মোৰ পুত্ৰ সমসৰ।
এক দুখ নজানিলে সুখিয়া কুমাৰ॥
মৰি যাওঁ হেৰা মোৰ অঙ্গদাই বাপি।
বাপ বুলি থাকিবি কাহাৰ কাশ চাপি॥
হৰি হৰি সুকোমল সুললিত দেহ।
সব কুটুম্বত কৰি তোতে মোৰ স্নেহা॥
আথে বেথে ৰামে মোক দেশৰ ডাকিল।
সুজিবে নপাইলো ধাৰ লাগিয়া থাকিল॥
শুন শুন বলোঁ মই সুগ্ৰীৰ সোদৰ।
মন্যু পৰিহৰি মোৰ কোলে চাপি ধৰ॥
গৰ্ভতে আছিলোঁ দুই ভাই একে ঠাই।
কোনদেৱে বিধিযে পেহলাইলে বিহৰাই॥
তোমাৰ আমাৰ কপালৰ নাহি যোগ।
দুই ভাই মিলি নকৰিলোঁ ৰাজ্য ভোগ॥