পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
অসমীয়া ৰামায়ণ।

মাথা পলতাই বালী পাঞ্জৰক চাইলা।
বনহন্তে আসন্তে ৰামক ভেট পাইলা॥
গুঞ্জ যেন চক্ষু ফুৰাই পাৰিলেক গালি।
ধিক ধিক ৰাঘব অধম পাপশালি॥
পাপময় ৰাম তুমি পাপৰ আচাৰ।
পাপ বুদ্ধি ৰাম ইটো শৰীৰৰ তোমাৰ॥
নুবুলিয়া শৰ তুমি কৰিলাহা কিক।
তোমাৰ বীৰত্ব ৰাম আছে ধিক ধিক॥
ক্ষত্ৰ জাতি বীৰ তুমি নাহিক গহন।
নোবোলাইয়া শৰ কৰিলাহা কিকাৰণ॥
বোলাইয়া আমাক হন্তে কৰিলাহা ৰণ।
পৰবৰ্ত্তি ভৈলা হন্তে তোমাৰ মৰণ॥
লাজ এড়ি ৰাম তুমি মাথা তুলি চাহা
হৃদয় বিদাৰি মোৰ শোণিতক পিহা॥
কোন কাৰ্য্যে বনৰ বানৰ মাৰিলাহা।
দখৰা দখুৰি কৰি মাস কাটি খাহা॥
আমাক মাৰিলা আমি কোন কাৰ্য্যেভাল।
মাংস নখাইবাহা তেবে নিপিন্ধিবা ছাল॥
নুভূঞ্জে উত্তম জাতি আমাৰ মাংসক।
সজ্ঞতো নলাগে বানৰৰ পাঞ্চনখ॥