পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮
কিষ্কিন্ধ্যা কাণ্ড।

পাছে কতোক্ষণে তান আসি ভৈলা জীৱ।
ভয়ঙ্কৰ শাল দুই হানিলা সুগ্ৰীৱ॥
হৃদয়ত পৰি বালীবীৰ মূৰ্চ্চা গৈলা।
কতোক্ষণ অন্তৰে সন্ধুক্ষণ ভৈলা॥
ৰাম চন্দ্ৰ দেখন্তয় সাজ ভৈলা বৰে।
সুগ্ৰীৱ ঘাটন্ত বালীৰাইৰ চৰে॥
নাচনি মাৰি পূৰ্ব্বে অপযশ পাইলোঁ।
মাৰোঁ বুলি শপত কৰিয়া পুনু আইলোঁ॥
আবে কেনে চাহি আছোঁ দেখিয়া আগত।
এহি বুলি শৰপাট ঝুড়িলা গুণত॥
বালীৰ হিয়াক লথি হানি পঠাইলন্ত।
বিম্বাদ শবদে চলে আকাশত॥
সন্ধানে পৰিলা বালীৰাইৰ হৃদয়ত।
চিৎ হুইয়া পৰিলেক সমৰ ভূমিত॥
ক্ৰৌঞ্চ পৰ্ব্বতক যেন ভেদিলা কুমৰে।
হযাত পৰিয়া শৰ ভৈলা পক্ষী আৰে॥
হা মৰিলোহো বুলি পৰি গৈলা বালী।
পৃথিৱীক শৰীৰকে শৰে থৈলা শালি॥
সাধিলোহো সুগ্ৰীৱ মিত্ৰৰ সবে কাজ।
এই বুলি ৰাঘৱ বনৰ ভৈলা বাজ॥