পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কিষ্কিন্ধ্যা কাণ্ড।

আৱৰ কাহিনী কহু,  শুনিয়োক প্ৰাণ নাথ,
 কাৰ্যবৰ হৈ গৈলা বিচিত্ৰ।
বিপুকুল বিমৰ্দ্দন,  ৰঘুকুল শিৰোমণি,
 ৰাম ভৈলা সুগ্ৰীৱৰ মিত্ৰ।
আছোক পৃথিবী খণ্ড,  স্বৰ্গ সাত পাতালৰ,
 জিনিতে পাৰয়া দেবাসুৰ
জানিবা স্বৰূপ ৰূপে,  তোমাৰ কনিষ্ঠ ভাই,
  তেহে ৰাম ভৈলা পক্ষপুৰে॥
ৰাঘবে সহিতে প্ৰভু,  বিবাদক নুজুবাই,
  শুনিয়োক বোল হিত কাজ।
আপোনাৰ কনিষ্ঠ,   সুগ্ৰীব বীৰক আনি,
 সত্বৰে পাতিয়ো যুবৰাজ॥
সোদৰ কনিষ্ঠ ভাই,  তাহান মুখক চাই,
 দোষচয় ক্ষমিয়োক সৰ্ব্ব।
তোমাৰ যে দান মান,   ঠেহ দোষ নকৰিব,
  তাহান লোক আছে গৰ্ব।
কিষ্কিন্ধা নগৰ মাজে,  ভালমতে জানিলেক,
 বালি ৰাজা সুগ্ৰীৱ বীৰক।
ৰাজাৰ নিদানে আনো, সৰ্ব্ব লোকে সুখে আছে,
 আক প্ৰভু নজানা কিসক॥