পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৩
অসমীয়া ৰামায়ণ।

উদয় গিৰিক হনে, হিমালয় পৰ্ব্বতক,
 বুজিবাক হয কোম শক্য।
মোক সমৰকলাগি, আক্ৰান্ত কৰন্তে আসে,
 সুগ্ৰীৱ কমন বীৰ বক্ষ॥
মোৰ প্ৰাণ গোটা বান্ধি,  তাতেনিয়া আৰোপিয়া,
 সুগ্ৰীৱক বাৰি দিব ৰণে।
সমৰ ভূমিত গৈয়া, সুগ্ৰীৱক ৰণ জিনি,
 পালটি আসিবো এতিক্ষণে॥
সপোনৰ কথা যত,  কহিলাহা প্ৰাণ জায়া,
 জানিবা সকলে আন জাল।
বাধা বচনক তুমি,  নুবুলিবা পটেশ্বৰী,
 যান্তে চলি যাওঁ যুদ্ধশাল॥
তাৰা বোলে প্ৰাণেৰ, টিকৰ স্বামীয়ে মোৰ,
 আৱৰ কাহিনী কহো শুনা।
দাহিনৰ চক্ষুমোৰ, সঘনে সঘনে ফুৰে,
 আৰু হৃদয়ত ভালে গুণা॥
দিন তিনি চাৰি ভৈলা, সুগ্ৰীৱ দেৱৰ মোৰ,
 তোমাত সমৰ হাৰি গৈলা।
হেন জানি বিনা গছে,  দ্বাৰত বসিয়া আছে,
 পুনুৰপি গৰ্জ্জিবাক লৈলা॥