পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
কিষ্কিন্ধ্যা কাণ্ড।

আপোনাৰ বাহুবলে, কৈকসব জিনিলাহা,
 বৰযশ ৰাশি তুমি পাইলা।
দুৰজয় ৰাৱণক, কাষত চিপিয়া ধৰি,
 চাৰিও সাগৰ ফুৰি আইলা॥
সাত পৃথিবীত যত,  ভালুক বানৰ আছে,
 তোমাৰ চৰণে কৰে সেৱ।
কোননো অসাধ্য কাৰ্য্য,  সাধিবাহা সম্প্ৰতিক,
 সমৰক যাহা প্ৰভু দেৱ॥
সপোনৰ কথা কহো, শুনিয়োক প্ৰভু তযু,
 হৃদয়ত লাগি গৈলা মাটি।
উপৰক হুয়া গোৰ, তোমাৰ শৰীৰ গোট,
 সমূলি পশিলা মাটি ফাটি॥
সিংহ সনে বসি ৰঙ্গে,  সুগ্ৰীৱ দেৱৰ মোৰ,
 তিৰি কোন সিটো গোট গিলে।
হেনয় সপোন জানা, ঝাকে ঝাকে দেখিবায়,
 তাতে গৈয়া ৰাজচিৰি মিলে॥
বালী বলে শুনা ওৰে, পটেশ্বৰী তাৰা মোৰে,
 যুগুত বচন হলে সহি।
হেন কি জানস তুই,  পৃথিবী মণ্ডল মাজে,
 বলীক জিনিয়া আছে কহি॥