পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
কিষ্কিন্ধ্যা কাণ্ড।

ঘাৱৰ বিষত মোৰ হৰিল চেতন।
বুলিলোহো ঈশ্বৰক গৰিহা বচন॥
সহজে বানৰ জাতি তৰল সদাই।
তুমি কৃপাময় তাক ক্ষমিতে জুৱাই॥
শুনিয়া ৰাঘবে তাঙ্ক আশ্বাস কৰিলা।
দিন চাৰি মানে ঘাৱ সব পাশৰিলা॥
সুগ্ৰীৱ ৰামৰ মালা শিৰত ধৰিলা।
প্ৰদক্ষিণে ৰাঘৱক প্ৰণাম কৰিলা॥
জয় বাদ্য কৰি সুমঙ্গল আচৰিলা।
বালী ৰাইক ধৰি শুভ সময়ে চলিলা॥
সুগ্ৰীৱ লক্ষ্মণ ৰাম হৰিষে চলন্ত।
পাছে যান্ত নল নীল আৰু হনুমন্ত॥
বুলিলন্ত ৰাঘবে বালীক দিয়ে ডাক।
মাৰোঁ অবিলম্বে মিত্ৰ বিনায়ো আমাক
এহি বুলি ধনু ধৰি শ্ৰীৰাম লক্ষ্মণে।
সাৱধানে থাকিলন্ত কিষ্কিন্ধাৰ বনে॥
সুগ্ৰীৱ গৰ্জ্জন্ত গৈয়া দুৱাৰত বসি।
কি কৰস বালা ৰাজা গহ্বৰত পশি॥
নিচিন্তি আছস দদা বাৰ্ত্তাক নপাইল।
তোমাৰ কনিষ্ঠ ভাই কাল হুয়া আইল॥