পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৮
কিষ্কিন্ধ্যা কাণ্ড।

সুগ্ৰীৱৰ বাক্যে প্ৰভু, আতিশয় হুয়া লাজ,
 বুলিলন্ত সুগ্ৰীৱক চাই।
যতেক কহিলা মিত্ৰ,  বুলিতে উচিত হুই,
 কিন্তু শুনা কহো অভিপ্ৰায়॥
তোৰা দুই ভাইৰ এ,  সমতুল্য কলেবৰ,
 সূৰ্য্যযেন জ্বলে মনোহৰ।
দুই হন্তেৰ শিৰে দিব্য, সুবৰ্ণৰ মালা জ্বলে,
 নিচিনিয়া নকৰিলোঁ শৰ॥
শত্ৰু বুলি মাৰোঁ যদি, মিত্ৰৰ বিনাশ হবে,
 শুনি মন্দ বুলিবেক লোকে।
লক্ষ্মণ সহিতে চিন্তি,  নপাইলোঁ উপাই মই,
 জানি সখি নিনিন্দিবা মোক॥
ক্ষমিয়োক মোৰ দোষ,  নকৰিবা অসন্তোষ,
 বালীক বধিবো সাৰে সাৰ।
আপোনাৰ অলঙ্কাৰ, পৰিহৰা তুলসীৰ,
 মালা তুমি পিন্ধিয়ো আমাৰ॥
দিন চাৰি থাকিয়োক  ঘাৱ শুখাৱোক,
 পাছে সবে কিষ্কিন্ধাক যাওঁ।
ইবাৰ বালীক দেখি,  মাৰি যেবে নপঠাওঁ,
 তেবে ব্ৰহ্মবধু পাপে গিপ্তইও॥