পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিষ্কিন্ধ্যা কাণ্ড

অৰণ্য কাণ্ডৰ কথা ভৈলা সমাপতি।
কিষ্কিন্ধ্যা কাণ্ডৰ কথা শুনিয়ো সম্প্ৰতি॥
সীতাক বিচাৰ কৰি শ্ৰীৰাম লক্ষ্মণ।
ঋষ্যমুখ পৰ্ব্বতক পাইলা দুয়োজন।
শ্ৰীৰাম লক্ষ্মণ দুয়ো পৰ্ব্বতে উজান্ত।
দূৰে বসি পাঞ্চটি বানৰে দেখিলন্ত॥
সুগ্ৰীৱ বোলন্ত শুনা বীৰ হনুমন্ত।
কৈৰবা মনুষ্য দুই খেদিয়া আসন্ত॥
জানো বালীদদা আতি স্বভাবে কপটি।
চৰ কৰি পঠাইলা মনুষ্য দুগুটী॥
কাৰ্য্যতে লখিলু আতি বৰ লাগে ভৰ।
শীঘ্ৰে গৈয়া পশোঁ আসা 'গৰি গহ্বৰৰ॥
এহি বুলি পলাইয়া গৈলন্ত কতোদূৰ।
পয়োভৰে মেদিনী কম্পিল যমপূৰ॥
শৰীৰৰ বাৱলাগি ভাগে বৃক্ষডাল।
সিংহ বাঘ পলাৱয় মহিষ শৃগাল॥
পলাই গৈয়া গহ্বৰত থাকি পঞ্চজন।
সিঠাৱতে বিমৰিষি ভাবে কটোক্ষ॥
সুগ্ৰীৱ বোলন্ত ওবা শুনা বায়ু সুত।
জিজ্ঞাসি চাহিয়ো হোৱে নোহে বালীদূত॥