পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৭
অসমীয়া ৰামায়ণ।

মিত্ৰ দ্ৰোহে মহা পাপ,  সবাহাৰে গুৰুতৰ,
 ইহাক আচৰে যিটো নৰ।
জানিবা নিশ্চয় ৰাম, নৰক ভুঞ্জিয়া মৰে,
 যাৱে থাকে চন্দ্ৰ দিবাকৰ॥
হেন মিত্ৰদ্ৰোহ পাপ,  কৰিবাক লাগি ৰাম,
 জানিলোঁ তোমাৰ ভৈলামন।
সূৰ্য্যৰ বংশত তুমি,  জনম লভিলা কিক,
 ধিক ধিক তোমাৰ জীবন॥
নিষ্ট কৰি পূৰ্ব্ব কালে, বুলিলাহা তুমি ৰাম,
 মই নমা ৰবো বালীৰাই।
তেবে কি কাৰণে মই  মৰিবাক লাগি ৰঙ্গে,
 বালীক যুজিলোঁ হন্তে যাই॥
বালীৰ প্ৰহাৰে মোৰ, সৰ্ব্ব অঙ্গ চূৰ্ণ ভৈল,
 ক্ষত বিক্ষত ভৈলা কায়া।
কতবা কালক লাগি,  শৰীৰত পীড়া ৰৈলা,
 তুমি ৰঙ্গ আছিলাহা চায়া॥
ৰঘুবংশ শিৰো মণি,  সাক্ষাতে ঈশ্বৰ দেৱ,
 তুমি সমে কৈলো মিত্ৰৱতি।
একেশ্বৰ ত্ৰিভুবন,  নমাই বাক পাৰা তুমি,
 তাতো মোৰ হেনসে বিপত্তি॥