পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৬
কিষ্কিন্ধ্যা কাণ্ড।

ওবা ৰামচন্দ্ৰ মই,  তোমাৰ কমন শত্ৰু,
 কেনেহেন কপট কৰিলা।
মোৰ প্ৰাণ বৈৰি বালী,  তাহাৰ হাতত নিয়া,
 কি কাৰ্য্যত মৰাইতে চাহিলা॥
জানা ৰাম মই যেবে, বালীক শকত তেবে,
 পলাই কিয় আছোঁ পৰ্ব্বতত।
আন্টিবে নোৱাৰো জানি, তথাপি যুজিতে গৈলোঁ
 তোমাৰ পৌৰুষ বচনত॥
কিনো নিদাৰুণ তুমি, দশৰথ সুত ৰাম,
 তুমি ৰঙ্গ চাহিয়া আছিলা।
বালীক আগতে পাই, এহিসে কাৰ্য্যত তুমি,
 কি কাৰ্য্য বালীক নমাৰিলা॥
কিনো নিদাৰুণ তুমি, দশৰথ সুত ৰাম,
 তবু বিনে মন্দমতি নাই।
এহিসে কাৰ্য্যত তুমি, নিজ ভাৰ্য্যা হৰুয়ায়,
 বনে বনে ফুৰা দুই ভাই॥
ব্ৰহ্মবধ সুৰাপান, গুৰুৰ ভাৰ্য্যাক হৰে,
 মহাপাপ সুবৰ্ণ হৰণ।
ৰাজবধ পিতৃবধ, গৰু তিৰী মানে আনো,
 আচৰে যতেক পাপগণ॥