পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৫
অসমীয়া ৰামায়ণ।

বালীৰ কপাল ভাগি,  বম্বালে রুধিৰ বহে,
 মহাবীৰ সুগ্ৰীৱ দেখিল।
বালীৰ মুঠিক জানি,  পবন সঞ্চাৰে টানি,
 ঠিউ লাঞ্জ কৰি লড় দিল॥
ৰামৰ দিশক লাগি,  সক্ৰোধ নয়ন কৰি,
 ঘনে ঘনে পাছেচাই যান্ত।
কটো বেলি বালীৰাই,  পাছে চেতনক পাই,
 চক্ষু মেলি সুগ্ৰীৱক চান্ত॥
সুগ্ৰীৱ পলাই যাই,  কোপে কম্পমান কায়,
 উঠি মহা বেগে খেদাদিল।
ঋষ্যমুখ গিৰিমানে,  খোদ গুৰি নপাই লাগ,
 নিবৰ্ত্তিয়া কিষ্কিন্ধ্যা পশিল॥
ঋষ্যমুখ গিৰিপায়,  পৰিয়া সুগ্ৰীৱ বীৰে,
 মহা ছোটে কেঙ্কাই থাক লৈলা।
শ্ৰীৰাম লক্ষ্মণ দুই,  নল নীল হনুমন্ত,
 আসি সুগ্ৰীৱক বেঢ়ি ৰৈলা॥
কাতো বেলি চেতনক, লভিয়া সুগ্ৰীৱ বীৰে,
 ৰামক আগতে দেখিলন্ত।
ঘাৱৰ বিষত আত,  ক্ৰোধে ৰাঘৱক চাই,
 গৰিহা বচন বুলিলন্ত॥