পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
অসমীয়া ৰামায়ণ।

যেহেন হস্তীক সিংহে পেলাইলা নিঢ়ালি।
সুগ্ৰীৱক সেহিমতে আফালিলা বালী॥
ত্ৰিশূল সমান নখৰ ছোট ঘালি।
সুগ্ৰীৱৰ শৰীৰক পেলাইলা বখালি॥
চেতন লভিয়া বোলে নুহো সমসৰ।
থাকিলন্ত বেশধৰি যেন মৃতকৰ॥
বালী ৰাজা দেখন্ত নিস্পন্দ ভৈল দান্ত।
বিমৰিষি বোলে ভৈলা বৈৰৰ উপান্ত॥
ভবন দহিয়া যেন বহ্নি ভৈলা শান্ত।
প্ৰাহৰ নকৰি ক্ষণতেক জিৰাইলন্ত॥
শুনা সামাজিক লোক ৰামৰ চৰিত্ৰ।
কলিমল বিনাশন কৰ্ণৰ অমৃত॥
দেখিয়ে ৰামৰ কেন লীলা বিপৰীত।
বনৰ বানৰ সমে কৰিলা সখীত্ব॥
শৰণ মাত্ৰকে প্ৰভো একো নবাঞ্চন্ত।
হেনসে কৃপালু প্ৰভু ৰাম ভগৱন্ত॥
জানিয়া ৰামৰ পাৱে পশিয়ো শৰণে।
দুৰ্ল্লভ মনুষ্য তনু পৰে কেতিক্ষণে॥
নিঃশেষ জনম শতকোটীৰ অন্তৰে।
কতভাগ্য,বশে জীৱে নৰদেহ ধৰে॥