পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩২
কিষ্কিন্ধ্যা কাণ্ড।

দোই হানু শৰীৰ একে সম এক কলা।
সেই হান গলত দেখে সুবৰ্ণৰ মালা॥
বালী বুলি মাৰোঁ যেবে সুগ্ৰীৱ মৰিব।
সংসাৰত মোৰ বৰ কুখ্যাতি থাকিব॥
কিনো কৰি বিধি মোক মাৰিলে বিচুহি।
সংসাৰত পাপী কিনো ভৈলোঁ মিত্ৰ দ্ৰোহী॥
লক্ষ্মণে বোলন্ত দাদা শুনিয়োক ৰাম।
অসন্তোষে সাধিবাক নোৱাৰিয়ে কাম॥
যাক প্ৰতি ভৈলা প্ৰভু তোমাৰ প্ৰবন্ধ।
সহস্ৰ যুগত তাৰ নপৰিব কন্ধ॥
তিনিয়ো যুগত যদি একত্ৰ হোৱয়।
তথাপিতো মোৰ মিত্ৰ হৈবৰণ জয়॥
বালী নৃপতিৰ হাত সুগ্ৰীৱে এড়াইল।
কঙ্কালত ধৰিয়া বালীক আলগাইল॥
হু বুলি আফালিলা পৃথিবীক লাগি।
বোম্বালে ৰুধিব বহে কুম্ভস্থল ভাগি॥
বালী মূৰ্চ্চা গৈলা বুলি ইন্দ্ৰকৰে শোক।
শুভ শুভ জয় জয় কৰে সূৰ্য্য লোক॥
কতো বেলি বালীৰাজা চেতনক পাইল।
আস ৰিস ক্ৰোধ কৰি সুগ্ৰীৱক ধাইল॥