এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩১
অসমীয়া ৰামায়ণ
এহি মতে বীৰ দুই। যুজে এক পিণ্ড হুই ॥
শৰীৰত উঠ জুই। বলে দুইয়ো ক্ষীণ নুই ॥
বাহু বাহু বান্ধিলন্ত। পাৰে পাবে ছাণ্ডিলন্ত ॥
ঘুৰি ফুৰি টানিলন্ত। গ্ৰীৰে গ্ৰীৰে জুড়িলন্ত ॥
হিয়ে হিয়ে তাৰিলন্ত। তুলি তুলি পাৰিলন্ত ॥
ঘণ্টা যেন লাৰিলন্ত। আৰ্তনাদ ছাড়িলন্ত ॥
ঘোড়া যেন নলৱৰে। অসংক্ষাত চৱৰেৰে ॥
হাত পাৱ বিহৰে। হস্তী যেন চিহৰৰে॥
কিল ভুকলাথি হানি। ভূমিত আকালে আনি ॥
আযুড়ি আনয়ে টানি। ফুৰে দুয়ো ছিদ্ৰজানি ॥
দুইকো দুইপাৰে গালি। বাহুত মাৰয় টালি ॥
যুজন্ত সুগ্ৰীৱ বালী। দুইয়ো ভাই বৰ টালি ॥
ৰাঘবে বোলন্ত কিবা কৰোঁ কৈক যাওঁ।
সুগ্ৰীৱ মিত্ৰক মই হাতে হকৰাওঁ ॥
কোন দৈব বিধি মোক প্ৰবন্ধে চলিলা।
শত্ৰু মিত্ৰ একো আকলিবে নপাৰিলা ॥
(৩)