পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কিষ্কিন্ধ্যা কাণ্ড।

ভাগি আসি পৰিলা শৰদ ভৈলা দুই।
আউৰে থাকিলন্ত যে সঠিকত হুই॥
ঠিয় লাঞ্জ কৰিলাগি গৈল হিঞ্চ হিঞ্চি।
বাহু ডাম্ফি মাৰিয়া আন্দোল ফিচা ফিচি॥
থাক থাক মাৰো বুলি উঠলিল ৰোল।
দুইভাই দুইহাঙ্কো ধৰিলা কোলা-কোল॥
দুইভাই যুদ্ধ কৰে একপিণ্ড হুই।
প্ৰমাণত দেখিয়া পৰ্ব্বত যেন দুই॥
যেহেন দিগগজ দুই পৰ্ব্বত দেখয়।
টল বল বসুমতী বাসুকী কাম্পয়॥
কল্যাশে চকিত আতি ভৈলন্ত ঈশ্বাণ।
সাগৰত ঢউ ভৈল পৰ্ব্বত সমান॥
মেৰুৰ শিখৰে ফুটি নিকলিলা জল।
দুই ভাইৰ আন্দোলে মেদিণী যাই তল॥
পাতালত হুল স্থুল ভৈলা নাগ গণ।
ঘনে ঘনে কম্পি গৈলা অনন্তৰ ফেণ॥
দেবাসুৰ মনুষ্য গন্ধৰ্ব্ব বিদ্যাধৰ।
চমৎকাৰে থাকি গৈলা ভূবন ভিতৰ॥
তবধ নয়নে ভৈলা মনত বিস্ময়।
কি কাৰণে ভৈলা আসি অকালে প্ৰলয়॥