পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কিষ্কিন্ধ্যা কাণ্ড।

নিজ ৰথে সূৰ্য্য যুদ্ধ চাহন্ত প্ৰবন্ধে।
বাসবে চাহন্ত যুদ্ধ ঐৰাবত স্কন্ধে॥
ইন্দ্ৰদেৱে দেখিলন্ত সুগ্ৰীৱৰ গলে।
সূৰ্য্য দিলা দিব্য মালা আতিশয় জ্বলে॥
বালীক দিলন্ত ইন্দ্ৰদেৱ দিব্য মালা।
তাক পাই বালীৰ জ্বলয় আতি কালা॥
সূৰ্য্যৰ বীৰ্য্যত সুগ্ৰীৱৰ উতপত্তি।
বালীৰাজা ভৈলা ইন্দ্ৰৰ দেবৰ সন্ততি॥
দেববীৰ্য্যে জাত দুইহন্ত দিব্য কায়া।
চিনন নযাই যেন দৰ্পণৰ ছায়া॥
সূৰ্য্যৰ লগত যত দেবতা আছয়।
সুগ্ৰীৱ জীলন্ত বুলি কৰে জয় জয়॥
বাসবৰ লগে দেৱ আছে যত যত।
বালী জীলন্ত বুলি বাঞ্চয় মনত॥
দেবতাৰ আশীৰ্ব্বাদে দুইহানো উল্লাস।
দুইয়ো দিব্য মালা পিন্ধি কৰন্ত প্ৰকাশ॥
অবসান ভৈলা যেবে ব্ৰহ্মৰ সমৰ।
তৰু বন ছন্ন ভৈলা কতো প্ৰদেশৰ॥
লাঞ্জে মেঢ়াই পৰ্ব্বতক উভাৰি আনিল।
সুগ্ৰীৱক লাগি বীৰ বালীয়ে হানিল॥