পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
অসমীয়া ৰামায়ণ

সুগ্ৰীৱে দেখন্ত বৃক্ষ চাপিলন্ত শাল।
বাহুত চাপৰ দিয়া কৰিলা হাম্ফল॥
কটাক্ষ নয়নে চাহিলন্ত আগ পাছ।
মুষ্ঠিৰ প্ৰহাৰে ভাঙ্গিলন্ত শাল গাছ॥
বৃক্ষ ভাঙ্গি সুগ্ৰীৱ কৰন্ত আস্ফাল।
শীঘ্ৰ বেগে সুগ্ৰীৱ আনিল দুই শাল॥
দণ্ড দুইৰ পথ মানে বৃক্ষ চলি যাই।
সমৰত পশি বালী ৰাজা আছে চাই॥
দেখিলেক বালি বৃক্ষ ক্ষেপিলে আমাক।
অদভুত বৃক্ষ দুই হানিলন্ত তাক॥
চাৰি বৃক্ষ একে ঠাই পৰি ভৈলা চৰ।
অগনি কণিকা নিকলিল বহু দূৰ॥
ৰাঘবে বোলন্ত বাপু শুনিয়ো লখাই।
অদভুত সমৰ কৰন্ত দুই ভাই॥
হেন ৰণ নতু দেখু পৃথিবী ভিতৰে।
কৌতুক লভিয়া বালী মাৰো একেশৰে॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেব পুৰন্দৰ।
অশ্বিনী কুমাৰ আৰ জয়ন্ত কুমাৰ॥
যমদগ্নি কুবেৰ বৰুণ শশধৰ।
স্বকী স্বকি স্থানে ছড়ি চাহন্ত সমৰ॥