পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কিষ্কিন্ধ্যা কাণ্ড।

সুগ্ৰীৱ বোলন্ত দাদা এৰা দম্ভ দৰ্প।
জানিবাহা মইসে তোমাৰ কাল সৰ্প॥
আজি যেবে জীয়া দৰ্প কৰিবাহা পাছে।
জানিবাহা নিশ্চয় বৰ চৱৰ আছে॥
অনা অপৰাধে মোক ডাকিলা দেশৰ।
ভ্ৰাতৃবধূ হৰি পাপ সঞ্চিলা দুৰ্ঘোৰ॥
মিছাত আসিয়া মোক গৰ্জ্জিলাহা তোৰা।
জিহ্বা খান মেলি চাহা কলিয়া কি গৰা॥
আন কথা এড়ি জান্টে যুদ্ধক আৰম্ভা।
এক ভাগ সঞ্চা মাত্ৰ দশ ভাগ লম্ভা॥
মোক মাৰিবাহা তুমি কোনে পতিয়াব।
তৃণৰ কি অগনিয়ে সাগৰ সুখাইব॥
নেত্ৰ ফুৰাই মাতিলন্ত ৰাজ বীৰবালী।
এবে তোৰ মুখৰ বজাইল বৰ গালি॥
অসমৰ্থ প্ৰাণীৰ বচন চাতুৰালি।
সিংহৰ আগত যেন শৃগালৰ টালি॥
মোৰ পাটে ৰাজা ভৈলে নমাৰিব তবে।
আৰু কত সহিবো দুষ্টৰ পৰাভৱে॥
এহি বুলি শাল বৃক্ষ উভাৰি আনিলা।
আমৰ বুলিয়া সুগ্ৰীৱক প্ৰহাৰিল॥