পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অসমীয়া ৰামায়ণ

সুগ্ৰীৱ ছলিলা ৰঙ্গে ভয় পৰিহৰি।
থাকিলন্ত ৰামচন্দ্ৰ হাতে ধনু ধৰি॥
কিষ্কিন্ধ্যাৰ দ্বাৰে গৈয়া লাগিল গৰ্জ্জিতে।
কিছ কিছ লাগি গৈলা বানৰ পুৰিতে॥
সুগ্ৰীৱৰ আতিশয় শুনি সিংহ নাদ।
স্বৰ্গ ফাটি গৈল বুলি দেবৰ বিষাদ॥
খণ্ড খণ্ড তৈলা মেঘ মহা কোলা হলি।
সুগ্ৰীৱৰ বাণী শুনি ক্ৰোধি গৈলা বালী॥
ত্বৰিতে বজাইলা বীৰে ওৱাৰিক ছাড়ি।
সূৰ্য্যৰ উদয় যেন মেঘগণ ফাৰি॥
ৰণক সম্মুখ ভৈল প্ৰাণক নাচাই।
প্ৰমাণত দেখিয়া পৰ্ব্বত সম দুই॥
আতি ক্ৰোধ নয়নে মাতয় বীৰ বালী।
সুখে ৰাজ্য ভুঞ্জো তোক দেশৰ নিকালি॥
তোহোক মাৰিলে দুষ্ট খণ্ডিবেক শাল।
ৰাখন্তা নাহিকে তোক দশ দিগ পাল॥
ইন্দ্ৰ চন্দ্ৰ বসাঁচ:বঙালীণ কুবেৰ হৈবা সাক্ষী।
সুগ্ৰীৱ ভয়াই হেৰা খাইলে দুই আঁখি॥
মই যাক খুজিবো হাততে আসি মিলে।
পাপিষ্ঠক মাৰো আজি চবৰ লাথি কিলে॥